গুৱাহাটীবাসী টকা লেন-দেনত সাৱধান, নকল টকা নিবলৈ আহি আটক বিজেপি সাংসদৰ ভাতৃ

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত টকাৰ লেন-দেন কৰোঁতে সাৱধান।নকল টকাৰে ভৰিছে এতিয়া মহানগৰী।এইবাৰ নকল টকা নিব আহি দিছপুৰ আৰক্ষীৰ হাতত আটক বিজেপি সাংসদৰ ভাতৃ।৫ লাখ আচল টকাৰ বিনিময়ত ১০লাখ নকল টকা নিবলৈ আহিছিল সাংসদৰ ভাতৃ গৰাকীয়ে।নকল টকাৰ লোভত গুৱাহাটী মহানগৰীত আটক হোৱা ধৃত পূৱ অৰুণাচল লোকসভা সমষ্টিৰ বিজেপি সাংসদ তাপো গাওৰ ভাতৃ তাহোং গাও।নকল টকা ব্যৱসায়ীৰ চক্ৰৰ জালত পৰা ধৃত তাহোং শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল।৫ লাখ আচল টকা লৈ গুৱাহাটীলৈ অহা সাংসদ ভাতৃজনে জালনোট ব্যৱসায়ী চক্ৰৰ পৰা সংগ্ৰহ কৰিছিল নকল টকা।

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে নকল টকা সংগ্ৰ হ কৰাৰ পিছতে ফোন অফ কৰি ৰাখিছিল ধৃত তাহোঙে। ব্যৱসায়ী চক্ৰৰ সৈতে গণেশগুৰিৰ পৰা পল্টনবজাৰ লৈ এখন কেবত গৈছিল।দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে 
আটক কৰিছে  কেবখনৰ চালক আৰু এগৰাকী সহযোগীক ৷তাৰ উপৰিও AS-25CC-1092 নম্বৰ বাহনখনো জব্দ কৰিছে।বিশেষ কেবখনতে নকল টকাৰ বাবে লৈ গৈছিল অজ্ঞাত স্থানলৈ ।
দিছপুৰ আৰক্ষীয়ে পুৱাই পানবজাৰ মিনাভা হোটেলৰ পৰা আটক কৰিছে সাংসদৰ ভাতৃজনক।তেওঁ স্বীকাৰোক্তিৰ ভিত্তিত জালনোট চক্ৰত জড়িত দুজনকৈ অভিযুক্তক আটক কৰিছে।আটকাধীন দুই অভিযুক্ত হৈছে দিলীপ দাস আৰু মইনুল হক।জালনোটৰ লোভত পৰা বিজেপি সাংসদ ভাতৃ গৰাকীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে শীৰ্ষ আৰক্ষী বিষয়াই।লগতে এই চক্ৰত জড়িত থকা অন্যসকলক শীঘ্ৰে কৰায়ত্ত কৰিব বুলিও কয়।

Your Comments