
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত স্বচ্ছ প্ৰশাসনৰ কথা কৈ থকাৰ সময়তে ৰাজ্যত একেটা দিনতে উৎকোচ লৈ ধৰা পৰিল দুগৰাকী চৰকাৰী বিষয়া।মৰিগাঁও জিলাৰ আৱকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ গ্ৰেপ্তাৰ হয় দুৰ্নীতি নিবাৰক শাখাৰ হাতত।বিষয়া গৰাকীয়ে ১লাখ উৎকোচ লওঁতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে।চিন্ময় তামুলী নামৰ এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিত হাতে-লোটে ধৰা পেলায় ধৃত অধীক্ষক গৰাকীক।উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা মহিলা বিষয়া গৰাকীৰ বিৰুদ্ধে আছিল উৎকোচৰ গুৰুতৰ অভিযোগ।
আনহাতে আজিৰ দিনটোতে ডিব্ৰুগড় খোৱাঙত গ্ৰেপ্তাৰ হয় আন এগৰাকী শিক্ষা বিভাগৰ বিষয়া।নৱজ্যোতি শৰ্মা নামৰ বিষয়া গৰাকী শিক্ষা বিভাগৰ কাৰ্যালয়ৰ সহায়ক।খোৱাং BEEO কাৰ্যালয়ৰ ডিলিং এচিচটেন্ট হিচাপে দ্বায়িত্বত আছিল শৰ্মা।
- Log in to post comments
- 8 views