
নিউজ ডেস্ক:
অসমত দ্বৈত মাধ্যমত শিক্ষা প্ৰদানৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।তৃতীয়শ্রেণীৰ পৰা দশম শ্রেণীলৈ বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰাৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক বিৰোধিতা সংগঠনটোৰ।আজি গুৱাহাটীৰ গান্ধীবস্তিত সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্রামৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু প্ৰাঞ্জল কলিতাই চৰকাৰৰ সিদ্ধান্তক অসমীয়া জাতি বিৰোধী আখ্যা দিয়ে।মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰে অপমান কৰিছে অসমীয়া ভাষাক।কেৱল অসমীয়া ভাষা নহয়, ভাষা আন্দোলন আৰু মাধ্যম আন্দোলনৰ ত্যাগকো অপমান কৰিছে চৰকাৰে।
সমগ্ৰ ৰাজ্যত ২৮হাজাৰ শিক্ষকৰ পদ আজিও খালী হৈ আছে ৰাজ্যত।৪০হাজাৰজন শিক্ষকে বিনা প্ৰশিক্ষণত শিক্ষকতা কৰি আছে।ইয়াৰ উপৰিও চৰকাৰী বিদ্যালয় আন্তঃগাঠনিও দুৰ্বল।এইসমূহ সমস্যা সমাধান নকৰি এই চৰকাৰে অসমীয়া ভাষাৰ বিদ্যালয়ক নিঃশেষ কৰা কাম হাতত লৈছে- বিস্ফোৰক অভিযোগ ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।
মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীয়ে কোন মাধ্যমৰ বিদ্যালত অধ্যয়ন কৰিছিল বুলি প্রশ্ন উত্থাপন কৰি সংগঠনটোৱে কয়- ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত লৈছে।এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ছাত্ৰ মুক্তিৰ।ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কেৱল সামাজিক মাধ্যম লৈ চলা এখন চৰকাৰ বুলিও কয় প্ৰাঞ্জল কলিতাই।
আনহাতে হিমন্ত চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ বেছি সিদ্ধান্ত অসমীয়া জাতি বিৰোধী বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে কলিতাই।
- Log in to post comments
- 5 views