নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

A

নিউজ ডেস্ক:

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি আকস্মিক ভাৱে উপস্থিত হৈ ঘগ্ৰাপাৰস্থিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মান কাৰ্য পৰিদৰ্শন কৰে।
মেডিকেল কলেজ খনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ২০২২/২০২৩ নতুন শিক্ষাবৰ্ষত আৰম্ভনি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য আগবঢ়ায়।
নৱনিৰ্মিত মেডিকেল কলেজ খনত স্বাস্থ্য বিভাগৰ নিয়ম অনুযায়ী নিযুক্তি দিয়া হ’ব।
বৰ্তমান ক’ভিডক লৈ স্বাস্থ্য বিভাগৰ যি এছঅ’পি আছে ,সেই একে এছঅ’পি বৰ্তমানেও বাহাল থাকিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
বৰ্তমান নতুনকৈ এছঅ’পি দিয়াৰ সিদ্ধান্ত লোৱা নাই স্বাস্থ্য বিভাগে।মন্ত্ৰী গৰাকী ৰ পৰিদৰ্শন কালত সংগ দিয়ে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জ‍্যেষ্ঠ অগপ নেতা দিলীপ দাস, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা সহ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়ববীয়া ৷

Your Comments