
নিউজ ডেস্ক:
পহিলা আগষ্টৰ পৰা ৪টকাকৈ বৃদ্ধি হ'ব প্ৰতি লিটাৰ গাখীৰৰ মূল্য।৪টকাকৈ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী গো পালক সন্থাই।পশু খাদ্যৰ মূল্য বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ সন্থাৰ।সন্থাৰ টেকনিকেল এডভাইজাৰ মৃদুপবন বৈশ্যই জনোৱা মতে -পহিলা আগষ্টৰ পৰা গাখীৰ উৎপাদকৰ মূল্য প্ৰতি লিটাৰত ৪টকাকৈ বৃদ্ধি পাব। উৎপাদকৰ মূল্য প্ৰতি লিটাৰত ৫০টকাৰ পৰিৱৰ্তে ৫৪টকালৈ বৃদ্ধি পাব । গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল মালিগাওঁ , আমিনগাওঁ, খানাপাৰা ,বৰ্ণিহাট, আমচিং যোৰাবাট, পানীখাইটি আদি স্থানত থকা গো পালক সকলৰ গাখীৰৰ দাম বৃদ্ধি পাব।কিয়নো সকলো পশু খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে।বিশেষকৈ বানপানীৰ পিছত খেৰৰ দাম ১০০% বৃদ্ধি পাইছে।তদুপৰি বিগত বৰ্ষত ৪০কেজিৰ চাপৰৰ মূল্য আছিল ৯০০টকা ৷বৰ্তমান তাৰ মূল্য ১৩০০টকা পৰ্যন্ত বৃদ্ধি পাইছে।তাৰ প্ৰতি লক্ষ্য ৰাখি গাখীৰৰ মূল্য বৃদ্ধি কৰা হৈছে।
মহানগৰী তথা দাঁতিকাষৰীয়া অঞ্চলত ১০৪৯ টা গো পালক পৰিয়াল আছে।তেওঁলোকে দৈনিক প্ৰায় ৯২,৭০০ লিটাৰ গাখীৰ উৎপাদন কৰে।বিগত বৰ্ষত ২ টকাকৈ প্ৰতিলিটাৰ গাখীৰত মূল্য বৃদ্ধি কৰাৰ পিছত এইবাৰ ৪টকাকৈ প্ৰতি লিটাৰ গাখীৰত মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে সন্থাটোৱে।উল্লেখ্য যে,গাখীৰ উৎপাদনস্থলীত প্ৰতিলিটাৰ গাখীৰৰ মূল্য ৪ টকাকৈ বৃদ্ধি হোৱাৰ পিছতে মহানগৰীৰ বজাৰত খুচুৰা গ্ৰাহকে প্ৰতিলিটাৰ গাখীৰ ৬২-৬৫ টকা মূল্যত ক্ৰয় কৰিব লাগিব সেয়া নিশ্চিত হৈ পৰিছে ।
- Log in to post comments
- 6 views