ঘগ্ৰাপাৰৰ থানাৰ সন্মুখত মোনাৰ ভিতৰত শিশু উদ্ধাৰ

A

নিউজ ডেস্ক:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ  বাঘমাৰাৰ এখন পকী দলঙৰ কাষত এটি প্ৰায় ৫ মহীয়া ল'ৰা শিশু আজি আবেলি ৩:২০ মান বজাত ঘগ্ৰাপাৰ কঞাকুছিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক নাচিকুৰ ৰহমানে এখন মোনাৰ ভিতৰত প্ৰত‍্যক্ষ কৰি ঘগ্ৰাপাৰ আৰক্ষী থানাত খবৰ কৰে।লগে লগে ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষীৰ উপ পৰিদৰ্শক ভনিতা ৰয় উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰি চিৎকিসালয়লৈ লৈ আহে।ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্হ্য  কেন্দ্ৰত
প্ৰাথমিক চিৎকিসাত ডাক্তৰে কোনো পৰীক্ষা ধৰাত  পেলাব নোৱাৰাৰ লগতে বৰ্তমানে শিশুটি  সম্পূৰ্ণ সুস্থ আছে বুলি জানিবলৈ দিয়ে ৷ নিস্পাপ শিশুটি ঘগ্ৰাপাৰ থানাৰ সন্মুখত কোনো দুৰ্বৃত্তই অপহৰণ কৰি পেলাই থৈ গ'ল নে কোনো পাষাণ পিতৃ-মাতৃয়ে   কিহৰ বাবে এনে দৰে পেলাই থৈ গ'ল তাক লৈ সম্প্ৰতি ৰহস্যৰ আৱৰ্ত্তত আছে।ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে শিশুটিক থানাতে ৰাখি ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকাই জানিব দিয়ে।উল্লেখ‍্য যে ক'ৰোনা যুদ্ধা নাচিকুৰ আৰু উপ আৰক্ষী পৰিদৰ্শক ভনিতা ৰয়ৰ এনে মানৱীয়তাক সচেতন ৰাইজে শলাগিছে।

Your Comments

Related Articles