
নিউজ ডেস্ক:
অৱশেষত মুকলি আকাশৰ তললৈ ওলাল কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।৬৪টা দিন গোলাঘাট কাৰাগাৰত বন্দী হৈ থকাৰ পিছত ১৯বছৰীয়া বৰ্ষাশ্ৰী কাৰামুক্ত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিচতেই আজি মুকলি আকাশৰ তললৈ ওলাই আহে বৰ্ষাশ্ৰী।
উল্লেখ্য যে ,বিপ্লৱী কবিতা লিখাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী হৈ আছিল ছাত্ৰী গৰাকী।দেৱীচৰণ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ছেমিষ্টাৰৰ ছাত্ৰী বৰ্ষাশ্ৰী।
আনহাতে মুকলি হৈ সংবাদ মাধ্যমৰ সন্মুখত টীয়কৰ ছাত্ৰী গৰাকীয়ে কয় -"অসমবাসীৰ লগতে প্ৰতিটো দল সংগঠনক ধন্যবাদ জনাইছো।সকলোৰে সহায়ৰ বাবে আজি ওলাই আহিব পাৰিছো ৷প্ৰশাসন ব্যৱস্থাকো মই ধন্যবাদ জনাইছো মুকলি হোৱাত তেঁওলোকৰো সহায় সহযোগিতা আছে।"
'পৰীক্ষা ভালে গৈছে, ভালে আছোঁ মই।যদি মই ভুল কৰিছিলোঁ তেন্তে অনুতপ্ত।তেওঁলোকৰ আইনৰ ক্ষেত্ৰত যদি কবিতাটো লিখি ভুল কৰিছিলোঁ তাৰ বাবে মই অনুতপ্ত" -বৰ্ষাশ্ৰীয়ে কয়।উল্লেখ্য যে ,বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল জামিন।
ইফালে কাৰামুক্ত ছাত্ৰী গৰাকীক লৈ যোৱা হৈছে টীয়কৰ ঘৰলৈ।
- Log in to post comments
- 8 views