
নিউজ ডেস্ক:
গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ দলৰ প্ৰতিবাদ।ছোনিয়া গান্ধীক ইডিয়ে তলব কৰা প্ৰসংগত প্ৰতিবাদী সমদল কংগ্ৰেছৰ।অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা প্ৰমুখ্যে জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন একাংশ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত।প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে উপস্থিত কর্মীসকলক উদ্দেশ্য কৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বসকলে ভাষণ প্ৰদান কৰে।বিজেপি চৰকাৰৰ অ-গণতান্ত্ৰিক নীতিক সমালোচনা কৰে কংগ্ৰেছৰ নেতৃত্বই।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সভাপতি ভূপেন বৰাই কয়- ছোনিয়া গান্ধীক ইডিয়ে চমন জাৰি কৰি ভয় খোৱাইছে বিজেপিয়ে।সাৰদা কেলেংকাৰীত গুৰুতৰ ভাৱে অভিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চমন দিব কেতিয়া? আমি দিছপুৰলৈ আহি আছো।বিজেপিৰে সন্মুখ সমৰত যুজঁ হ’ব।
ইফালে উপ-দলপতি ৰকিবুল হুছেইনে কয়- ছোনিয়া গান্ধী তথা কংগ্ৰেছলৈ ভয় কৰে বিজেপিয়ে।প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ তেজ আছে ছোনিয়া গান্ধীৰ গাত।
বিধায়ক জাকিৰ হুছেইন সিকদাৰে প্ৰতিবাদত অংশ লৈ কয় যে , বৃটিছক ভয় নকৰা কংগ্ৰেছে বিজেপিলৈ কিয় ভয় কৰিব।বিজেপি অপশাসন উফৰাই দিব কংগ্ৰেছে।
আনহাতে প্ৰতিবাদত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তয়ো অংশগ্ৰহণ কৰে।পাঁচ শতাধিক কংগ্ৰেছকর্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে প্ৰতিবাদী কংগ্ৰেছকর্মীসকলক আৰক্ষীয়ে আটক কৰে।আৰক্ষীৰ বেৰিকেদ ভাঙি আগুৱাই যায় কংগ্ৰেছীসকল।
- Log in to post comments
- 9 views