
নিউজ ডেস্ক:
সামাজিক মাধ্যমত মহিলাক অপমান কৰা পংকজ পাঠকক গ্ৰেপ্তাৰ।বৰপেটাৰ কালঝৰাত আত্মগোপন কৰি থকা অৱস্থাত বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বয়ম্ভূ পাঠকক।বৰ্তমান ধৃত পাঠকক মহানগৰ হাটীগাওঁ আৰক্ষী থানাত ৰখা হৈছে।তাৎপৰ্যপূৰ্ণ কথা এই যে ,মহিলাক অপমান কৰা পাঠকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছে গোচৰ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে মহিলাই ৰিলছ বনোৱা প্ৰসংগত অশ্লীল মন্তব্যৰ কৰাৰ লগতে এগৰাকীৰ সাংবাদিক আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰাৰ পিচতেই জাঙুৰ খাই উঠিছিল সচেতন মহল।
- Log in to post comments
- 8 views