
নিউজ ডেস্ক:
বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।বিপ্লৱী কবিতা লিখাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বিগত দুটা মাহে বন্দী হৈ আছিল ১৯বছৰীয়া বৰ্ষাশ্ৰী।গোলাঘাট আদালতে পূর্বতে নাকচ কৰিছিল বৰ্ষাশ্ৰীৰ জামিন।
গোলাঘাট কাৰাগাৰতে বন্দী হৈ স্নাতক দ্বিতীয় ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আছে মেধাৱী ছাত্ৰী গৰাকীয়ে।১৮ মেৰ পৰা গোলাঘাট কাৰাগাৰত বন্দী হৈ আছিল মেধাৱী বৰ্ষাশ্ৰী।ইতিমধ্যে দুটাকৈ বিষয়ৰ পৰীক্ষা হৈছে বৰ্ষাশ্ৰীৰ।
তাৎপৰ্যপূৰ্ণ কথা এই যে বৰ্ষাশ্ৰীৰ মুক্তিৰ বাবে ৰাজ্যজুৰি আৰম্ভ হৈছিল সামাজিক মাধ্যমত দাবী।চৰকাৰে আলফা(স্বা)ত যোগদান কৰিবলৈ ওলোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলিও মন্তব্য কৰিছিল।গোলাঘাটৰ বান্ধৱীৰ ঘৰলৈ যাওঁতেই গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰী গৰাকীক।
ইফালে জামিন লাভ কৰাৰ পিছত আজিয়েই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে বৰ্ষাশ্ৰীৰ।
- Log in to post comments
- 5 views