
নিউজ ডেস্ক:
অসমৰ নাগাৰা নামৰ জনপ্ৰিয় শিল্পী তথা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাওঁ নিৱাসী কৈলাশ তালুকদাৰৰ উন্নত চিকিৎসাৰ দায়িত্ব ল'লে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷
কালি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নাগাৰা নামৰ শিল্পীগৰাকীলৈ ১ লাখ টকা প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই।ইফালে চৰকাৰী পেন্সনপ্ৰাপ্ত শিল্পী তথা বিশিষ্ট নাগাৰা নামৰ পাঠক তালুকদাৰৰ উন্নত মানৰ চিকিৎসাৰ বাবে দিল্লীলৈ যোৱাৰ যাতায়ত আৰু থকা-খোৱাৰ সকলো সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰি দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।আজি আবেলি বিশিষ্ট নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ ৰাওনা হয়।
- Log in to post comments
- 14 views