
নিউজ ডেস্ক:
ৰাষ্ট্ৰপতি প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুক অপমান কৰি অৱশেষত আদিবাসী ৰাইজক ক্ষমা বিচাৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰি এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে অখিল গগৈয়ে।বিধায়ক গগৈয়ে নিজৰ মন্তব্যৰ বাবে আদিবাসী-চাহ জনগোষ্ঠী ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰি মঙলবাৰে মন্তব্য প্ৰত্যাহাৰ কৰা কথা ব্যক্ত কৰে।উল্লেখযোগ্য যে,এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি অখিলে কৈছিল যে ,"দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে?দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা৷এগৰাকী অভিজাত মহিলা ৷ নিজেই ৰাজ্যপাল আৰু সুদীৰ্ঘ দিন ধৰি বিধায়ক আছিল।তেওঁক লৈ আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলিছে এনডিএ।”গগৈৰ এই মন্তব্যৰ পাছতেই আদিবাসী-চাহ জনগোষ্ঠীৰ ৰোষত পৰিছিল।তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল চাওঁতাল ছাত্ৰ সন্থা-আদিবাসী ছাত্ৰ সন্থা।ক্ষমা নিবিচাৰিলে অখিল গগৈক চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰিব বুলিও হুংকাৰ দিয়ে সন্হাটোৱে ৷
- Log in to post comments
- 14 views