
নিউজ ডেস্ক:
কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত আজি ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷মহানগৰীৰ বিভিন্ন প্ৰাপ্তৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত মূলত বৰ্ষাশ্ৰীক মুক্তি দিয়ক, জনগণৰ কণ্ঠ ৰোধ কৰা নচলিব, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰক, বাক-স্বাধীনতা হৰণ কৰা নচলিব, তৃণমূল মহিলা কংগ্ৰেছ জিন্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষানে আলফাৰ ওচৰত ক্ষমা খুজিও মন্ত্ৰীয়ে হৈ থাকিল, কিন্তু এগৰাকী ছাত্ৰীয়ে কবিতা লিখা বাবে কাৰাগাৰত বন্দী কৰিছে।কবিতা লিখি যদিহে অপৰাধ কৰিছিল তেন্তে কমবয়সীয়া ছাত্ৰীগৰাকীক কাউন্সিলিং কৰা প্ৰয়োজন আছিল৷কিন্তু তাকে নকৰি ছাত্ৰী গৰাকীক কাৰাগাৰত বন্দী কৰি থোৱাটো গণতন্ত্ৰৰ পৰিপন্থী।
বৰ্ষাশ্ৰীক বন্দী কৰি অন্তৰশূন্য মুখ্যমন্ত্ৰীয়ে নিষ্ঠুৰতাৰ পৰিচয় দিছে৷চৰকাৰৰ মনুষ্যত্বহীনতা আচৰণৰ ফলত এগৰাকী ছাত্ৰীয়ে কাৰাগাৰতে পৰীক্ষাত বহিবলগীয়া হোৱাটোৱে জাতিটোৰ বাবে বিড়ম্বনা৷চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ কাৰোবাক পোতাশালত নিক্ষেপ কৰি আভুৱা ভৰা কাৰ্য আৰু পোতাশালত বন্দী কৰি অতি দৰিদ্ৰ ঘৰৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰিব খোজা বিজেপিৰ এনে নিকৃষ্ট কাণ্ডক অসম তৃণমূল মহিলা কংগ্ৰেছে মানি নলয়৷
- Log in to post comments
- 9 views