
নিউজ ডেস্ক:
আজি ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঈদ-উজ-জোহা।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পৱিত্ৰ ঈদ উজ জোহা।কোভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুবছৰ ঈদ উজ জোহাৰ ব্যাপক আয়োজন কৰিব পৰা নাছিল।ফলত এইবাৰ ঈদক লৈ স্বাভাৱিক ভাৱে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত পুৱাই অনুষ্ঠিত হয় সমূহীয়া নামাজ।মহানগৰীৰ আমবাৰী বুঢ়া মছজিদ, দীঘলীপুখুৰী মছজিদ ,গুৱাহাটী ঈদগাহকে ধৰি বিভিন্ন স্থানত সমূহীয়া নামাজ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয়।
পুৱা ৮.৩০বজাত মাছখোৱাস্থিত গুৱাহাটী ঈদগাহত কেইবাশতাধিক লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে।সমূহীয়া নামাজত ইমামতি দিয়ে মাছখোৱা পক্কা মছজিদৰ ইমাম মাজাহাৰুল ইমলাম কাচিমিয়ে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ৰাজ্যজুৰি উলহ-মালহেৰে পবিত্ৰ ঈদ আয়োজন কৰিছে যদিও কিছু কিছু অঞ্চলত শেহতীয়া বান পৰিস্থিতিয়ে সমস্যাৰ সৃষ্টি কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ, দৰগাহ, ঈদ ময়দানসমূহ ঈদৰ বাবে সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে। বিশ্ব শান্তি, একতাৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৰাইজে।
- Log in to post comments
- 7 views