
নিউজ ডেস্ক:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ সংবাদমেল। পূৰ্বৰ দৰে বানাক্ৰান্তই সাহায্য আৰু পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ লাভ কৰা নাই।বানাক্ৰান্তৰ বাবে পূৰ্বৰ পৰা উপলব্ধ থকা সুবিধা সমূহকে পুনৰ নতুন ৰহণ সানি নতুনকৈ বান সাহায্য প্রধানৰ ঘোষণা অসম চৰকাৰৰ- এই মন্তৱ্য হুছেইনৰ।দাবল ইঞ্জিনৰ বিজেপি চৰকাৰে অসমৰ বানাক্ৰান্তক যি দৰে সহায় আৰু সাহায্য দিব বুলি আশা কৰিছিল সেয়া লাভ নকৰিলে।কেন্দ্ৰৰ পৰা এই সময়লৈকে কোনো ধৰণৰ বিশেষ পেকেজ অসমৰ বাবে ঘোষণা নহল।যাৰ ফলত অসম চৰকাৰে আকৌ নতুনকৈ ১০০০কোটি টকা ঋণ লবলৈ যো-জা চলাইছে।বৰ্তমান ১ লাখ ১০ হাজাৰ কোটি টকা ঋণৰ বোজাত আছে চৰকাৰখন।
ইফালে নিৰ্বাচনৰ সময়ত অসমবাসীক ২৪ঘণ্টাই বিদ্যুৎ যোগান ধৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া ২৪ ঘন্টাত ২৪বাৰতকৈও বেছি বিদ্যুৎ কৰ্তন হৈছে এইখন চৰকাৰৰ দিনত।নগাঁৱত মঙলবাৰে ৫৪বাৰকৈ বিদ্যুৎ কৰ্তন হৈছে- হুছেইনে কয়।
আনহাতে আকৌ ৰাজ্যৰ বহু শিক্ষানুষ্ঠান বন্ধ হৈ যোৱাৰ প্ৰসংগ উত্থাপনেৰে হুছেইনে কয়-অসমৰ ঐতিহ্যমণ্ডিত বহু গুণী জ্ঞানী ব্যক্তিয়ে অধ্যয়ন কৰা চৰকাৰী বিদ্যালয় এফালৰ পৰা বন্ধ কৰাৰ ব্যৱস্থা লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।বিদ্যালয় এমালগেমেছনৰ নামত এফালৰ পৰা চৰকাৰীৰ বিদ্যালয় বন্ধ কৰাত লাগিছে শিক্ষা বিভাগ।
ইফালে ঈদৰ কোৰবাণীক লৈ সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় সাপো মৰক লাঠিও নাভাগক নীতি প্ৰয়োগ কৰিছে মুখ্যমন্ত্ৰীয়ে।যিখিনি কথা মুখ্যমন্ত্ৰীয়ে নিজে কব পাৰে সেইখিনি প্ৰথম তেওঁ কৈছে, বাকীখিনি সিজনৰ হতুৱাই কোৱাইছে।নাম উল্লেখ নকৰাকৈয়ে আজমলক কটাক্ষ কৰি হুছেইনে কয়- আগৰ, সাঁচি গছৰ ব্যৱসায়ৰ কথা চিন্তা কৰিয়েই তেওঁ হয়তো তেনেকৈ কৈছে।
- Log in to post comments
- 7 views