ঋণ পৰিশোধ কৰিব পৰা আমাৰ ক্ষমতা আছে সেই বাবে দিছে ঋণ- বিধায়ক দিগন্ত কলিতা

A

নিউজ ডেস্ক:
"ঋণ কাক দিয়ে, যিয়ে পৰিশোধ কৰিব পাৰে আমাৰ জি ডি পি চাই লওঁক, ঋণ পৰিশোধৰ ক্ষমতা আছে"- এই মন্তব্য বিজেপি বিধায়ক দিগন্ত কলিতাৰ।চৰকাৰে ঋণ লবলৈ লোৱা প্ৰসংগত কংগ্ৰেছ সভাপতি ভূপেন বৰাই কৰা সমালোচনাক উভতি ধৰি বৰাই কয়-ঋণ পৰিশোধ কৰাত আমাৰ হীন-দেৰি নহয়।মুখ্যমন্ত্ৰীয়ে সময়মতে ঋণ পৰিশোধ কৰি আছে।উল্লেখ্য যে অসম চৰকাৰে একহাজাৰ কোটি টকা ঋণ লোৱা প্ৰসংগক আদৰণি জনাই বিজেপি বিধায়ক কলিতাই কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এবুকু-একঁকাল পানীত বানপীড়িতৰ খবৰ লৈছিল, তেনে সময়ত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ক’ত আছিল!অসমৰ বানপানীৰ সময়ত বৰাই দিল্লীত গান্ধী পৰিয়াল বচাওঁ অভিযানত জড়িত হৈ থকা বুলি কটাক্ষ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে ২০২৪চনৰ নিৰ্বাচনত আমাৰ লক্ষ্য আছে, পৰিয়ালবাদ-জাতিবাদ ৰাজনীতি পৰিহাৰেৰে আগবাঢ়িব লাগিব।
ইফালে ৰাজ্য চৰকাৰে বান সাহায্য সঠিক ভাৱে নিৰ্দিষ্ট সময়ত ক্ষতিগ্ৰস্তক প্ৰদান কৰিছে নে নাই তদাৰকৰ বাবে জিলাই জিলাই কংগ্রেছে কমিটি গঠন কৰিব বুলি বৰাই কৰা ঘোষণাক কটাক্ষ কৰি কলিতাই কয়- কংগ্ৰেছে নো আৰু কিমানখন কমিটি নবনায়।হাজাৰ কমিটি আছে, কমিটিত ভূপেন বৰায়ে ৰজা,প্ৰজা কোনো নাই।

Your Comments