বান সমস্যা সমাধানৰ দাবীত ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান তৃণমূল কংগ্রেছৰ

A

নিউজ ডেস্ক:
ৰাজ্যৰ বানপানী সমস্যা প্ৰসংগত ৰাজ্যপালক সাক্ষাৎ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ।সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলে সাক্ষাৎ কৰে ৰাজ্যপাল জগদীশ মুখীক।'অসমক ভালপোৱাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে।মোদীয়ে কেৱল অসমীয়া গামোচাখন পিন্ধিলেই নহ'ব,বন্যাৰ্তৰ খবৰ ল'বলৈ আহক।অসমৰ বানপানীৰ বাবে কেন্দ্ৰৰ পৰা পেকেজৰ দাবী তৃণমূল কংগ্ৰেছৰ।বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে সুকীয়াকৈ  পেকেজ আৱণ্টনৰ দাবী তৃণমূল কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷
অসমৰ বান সমস্যাৰ বাবে কেন্দ্ৰই পৰ্যাপ্ত পুঁজি আৱণ্টন কৰা নাই।মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদিহে পৰ্যাপ্ত পুঁজি আছে তেন্তে বানাক্ৰান্তক সাহাৰ্য দিবলৈ কিয় সক্ষম হোৱা নাই চৰকাৰ।যদিহে পৰ্যাপ্ত পুঁজি ৰাজভঁৰালত আছে তেন্তে কিয় পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'বলৈ বিচাৰিছে ৰাজ্য চৰকাৰে সেইয়া স্পষ্ট কৰিব লাগে"- বৰাই কয়।
ইফালে বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰৰ পৰা বিশেষজ্ঞ কমিটীৰ প্ৰতিনিধি প্ৰেৰণৰ দাবী তুলি বৰাই আৰু কয়-অসমৰ বানত মৃত্যু হোৱা লোকসকললৈ ৫ লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।একেদৰে মণিপুৰ ভূমিস্খলনত নিহত হোৱা অসমৰ লোকসকলৰ পৰিয়ালক ৫লাখকৈ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে।
গুৰুত্বপূৰ্ণ কথা এই যে, নিৰ্বাচনৰ সময়ত মোডীয়ে অসমক দিম বুলি কোৱা কোনো এটা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে।বান পানী নিয়ন্ত্ৰণৰ বাবেও পেকেজ ঘোষণা কৰিছিল কিন্তু কামত নিদিলে।উল্লেখ্য যে ৰাজভৱনত তৃণমূল কংগ্ৰেছ নেতৃত্বই ৰাজ্যপাল মুখীক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

Your Comments