
নিউজ ডেস্ক:
ঈদত গৰু কোৰবাণী নিদিব অসমৰ মুছলমান সমাজলৈ এই আহ্বান সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ।১০ জুলাইত পালন কৰা হ'ব মুছলমান সমাজৰ পবিত্ৰ ঈদ- উল-আজহাৰ বা বকৰি ঈদ।বকৰি ঈদ উপলক্ষে মুছলমান ধৰ্মাৱলম্বী লোকসকলে পশু কোৰবানি দিয়ে।এইবাৰ বকৰি ঈদত গো কোৰবাণি নিদিবলৈ প্ৰেছ বিবৃতি যোগে আহ্বান জনাইছে সাংসদ আজমলে।ভাৰতৰ অধিকাংশ লোক সনাতন ধৰ্মাৱলম্বী।সনাতন ধৰ্মত গৰু এবিধ পোহনীয়া জন্তু।সনাতন ধৰ্মাৱলম্বী লোকসকলে গৰুক মাতৃ জ্ঞান কৰে।এনে প্ৰেক্ষাপটত ঈদত গৰু ব্যৱহাৰৰ পৰিবৰ্তে অন্য জন্তুৰ কোৰবানি দিয়াৰ আহ্বান আজমলৰ।ইফালে মুছলমান লোকসকলক পৰ্য্যায়ক্ৰমে কোৰবানিত গৰু ব্যৱহাৰ কমাবলৈও আহ্বান জনায় ধুবুৰীৰ সাংসদ আজমলে।
- Log in to post comments
- 13 views