
নিউজ ডেস্ক:
ৰ'পৱেৰ নিয়মীয়া যাত্ৰীৰ বাবে সুখবৰ।আজিৰে পৰা আৰম্ভ ৰ'পৱে বিশেষ ৰেহাই।গুৱাহাটী আৰু উত্তৰ গুৱাহাটী নিয়মীয়া যাত্ৰীৰ বাবে এই সুবিধা আগবঢ়াইছে জিএমডিয়ে।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত গুৱাহাটী উত্তৰ-গুৱাহাটীৰ মাজত বন্ধ হৈ আছে ফেৰীসেৱা।ফেৰীসেৱা বন্ধ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জি এম ডিয়ে।।জি এম ডিৰ কৰ্মচাৰীয়ে জনোৱা মতে- গুৱাহাটী উত্তৰ গুৱাহাটীৰ নিয়মীয়া যাত্ৰীৰ বাবে বিশেষ ৰেহাই ব্যৱস্থা আৰম্ভ।ছাত্ৰ-ছাত্ৰী য়েও লাভ কৰিব এই বিশেষ ৰেহাই।৫০টকাত অহা যোৱা কৰিব পাৰিব নিয়মীয়া যাত্ৰীয়ে।পুৱা ৮.৩০ -১০.৩০ বজালৈ আৰু আবেলি ৪.৩০- ৬.০০ বজালৈ এই সেৱা উপলব্ধ হ’ব।ৰ'পৱেত ১২ -৬০ বছৰ বয়সলৈ এবাৰত ১০০ টকা টিকট আছিল। কিন্তু তাৰ পৰিৱৰ্তে এতিয়া ৫০ টকাৰে অহা যোৱা কৰিব পাৰিব নিয়মীয়া যাত্ৰীয়ে। ইফালে পৰ্যটকৰ বাবে পূৰ্বৰ ভাড়ায়ে বাহাল থাকিব।
- Log in to post comments
- 6 views