
নিউজ ডেস্ক:
উদীয়মান অভিনেতা কিশোৰ দাসৰ দেহাৱসান।কৰ্কট ৰোগত আক্রান্ত অভিনেতা গৰাকী চেন্নাইত চিকিৎসা ধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ।শুকুৰবাৰে নিশা প্ৰায় ৩.১৫বজাত কৰ্কট ৰোগৰ সৈতে যুজঁ দি শেষ নিশ্বাস ত্যাগ কৰে ।উল্লেখ্য যে, অসমবাসীৰ আৰ্থিক সহায় সহযোগিতাত চেন্নাইত উন্নত চিকিৎসা গ্ৰহণ কৰি আছিল দাসে।কিশোৰৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ।
- Log in to post comments
- 6 views