কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ উদ্ভণ্ডালি, শ্বহীদ মোজাম্মিল হক ছাত্ৰাৱাসত আক্ৰমণ

A

নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয় ছাত্ৰাৱাসৰ একাংশ ছাত্ৰৰ উদ্ভণ্ডালি।শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসত মাৰপিটৰ ঘটনা সংঘটিত কৰে উদণ্ড ছাত্ৰই।শুকুৰবাৰে নিশা ছাত্ৰাবাসটোত আৰ কে বি ছাত্ৰই মাৰ পিট কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰে ।হোষ্টেলটোৰ কোঠাৰ গ্লাচ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰে উদণ্ড ছাত্ৰসকলে।
আনহাতে ঘটনাৰ সন্দৰ্ভত পানবজাৰ আৰক্ষী থানাত ইতিমধ্যে গোচৰ দিব আগবাঢ়িছে শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ আৱাসীয়ে ৷
উল্লেখ্য যে,আৰ কে বি ছাত্ৰাবাসৰ উদণ্ড ছাত্ৰৰ আক্ৰমনত কেইবাগৰাকীও ছাত্ৰ আহত হৈছে।মূৰত আঘাত কৰাত ১৫টা পৰ্যন্ত চিলাই পৰিছে এগৰাকী ছাত্ৰল।গুৰুত্বপূৰ্ণ কথা এই যে একাংশ উদণ্ড ছাত্রৰ বাবেই বাৰে বাৰে অপমানিত হৈছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়।কিছুদিন পূৰ্বে ছাত্ৰ একতা সভা নিৰ্বাচনক কেন্দ্ৰ কৰিও সংঘটিত হৈছিল হোষ্টেলৰ আৱাসীক আক্ৰমণৰ দৰে নিন্দনীয় ঘটনা।

Your Comments