মুকলি নহওতেই দেৱালত ফাঁট কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত

A

C

B

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে-পোখাই উৎখাত কৰাৰ কথা ঘোষণা কৰিছিল যদিও এই সকলো কথা ফুটুকাৰ ফেন হ'ল৷ ইয়াৰ জ্বলন্ত উদাহৰণ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়খনা ফাঁট মেলা দেৱাল সমূহ।
অসমৰ ভিতৰতে  অতি গুৰুত্বপূৰ্ণ আৰু সদা ব্যস্ত এখন চিকিৎসালয় জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত চিকিৎসালয় খনত চামগুৰিৰ পৰা কাজিৰঙা কঁহৰা অঞ্চলৰ ভিতৰত দুৰ্ঘটনাত পতিত হোৱা লোক সকলক তাৎক্ষণিক  চিকিৎসা প্ৰদানৰ বাবে পোনপ্ৰথমে এই চিকিৎসালয়লৈ অনা হয়। বৰ্তমান এশখন বিছনা যুক্ত কলিয়াবৰ অসামৰিক মহকুমা  চিকিৎসালয়লৈ উন্নীত কৰণৰ বাবে চৰকাৰে এটা তিনিমহলীয়া ঘৰৰ নিৰ্মাণৰ বাবে ২৪ কোটি ৪৭ লাখ টকা মোকলাই দিছিল। উক্ত কামৰ ঠিকা লাভ কৰিছিল মেচাৰ্ছ কে কে এন্টাৰপ্ৰাইজ নামৰ গুৱাহাটীস্থ এটা ঠিকাদাৰৰ প্ৰতিষ্ঠানে।  ইতিমধ্যে চিকিৎসালয় খনৰ কাম এশ শতাংশয়ে সম্পন্ন কৰিছে যদিও অতি আচৰ্য্যকৰ বিষয় যে চিকিৎসালয় খনৰ দ্বাৰ মুকলি নোহোৱাৰ আগতেই নৱনিৰ্মিত বিল্ডিংটোৰ বেৰ সূমহত ফাঁট মেলিছে, চিলিঙৰ প্লাষ্টাৰ সমূহ খহি পৰিছে। এই লৈ অঞ্চলটোৰ সচেতন ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এনে হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে স্বাস্থ্য মন্ত্ৰীৰ গৃহ সমষ্টিতে মন্ত্ৰী কেশৱ মহন্তক  আঙ্গুষ্ঠ প্ৰদৰ্শন কৰি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰি ধন সৰাধ কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত  নিৰ্মাণ কাৰ্য চলা চিকিৎসালয় খনৰ নিৰ্মাণৰ কাম কিমান সঠিক ভাৱে চলিছিল ইয়াক লৈ যথেষ্ট সন্দেহৰ অৱকাশ ৰৈ যোৱা বুলি সচেতন মহলৰ মাজত চৰ্চা হয়। আনহাতে চিকিৎসালয় খনৰ নিৰ্মাণৰ কাম প্ৰায় পাঁচ মাহেই সম্পূৰ্ণ হ'ল যদিও আজিকোপতি ৰাইজৰ সেৱাৰ বাবে মোকলাই নিদিয়াক লৈও ৰাইজৰ মাজত চলিছে সৰব চৰ্চা।  স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বিসংগতি পূৰ্ণ নিৰ্মাণ কাৰ্য্যৰে কোটি কোটি টকা আত্মসাৎ কৰা ঠিকাদাৰ গোষ্ঠীটোৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

 

Your Comments