কটনিয়ানে দাহ কৰিলে সাধাৰণ সম্পাদক অভিশেষ মহন্তৰ প্ৰতিমূৰ্তি

A

নিউজ ডেস্ক:

কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক বিজেপিৰ যুৱ মর্চাত যোগদান কৰাৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ক কৰে কটনিয়ানে।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মহন্তই কটনিয়নাক বিশ্বাসঘাটকতা কৰিছে।নিৰ্বাচনৰ আগত বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি জয়ী হৈ এতিয়া সাম্প্ৰদায়িক বিজেপি দলত যোগদান কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে।কটনিয়ানৰ বাবে আজিৰ দিনটো কলা দিন।ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ সন্মুখত সাধাৰণ সম্পাদক মহন্তৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।অভিশেষ মহন্ত বিশ্বাসঘাটক, সাধাৰণ সম্পাদক পদৰ পৰা শীঘ্ৰে পদত্যাগ কৰিব লাগে বুলি দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে।উল্লেখ্য যে বৃহস্পতিবাৰে বিজেপিৰ যুৱ মর্চাত যোগদান কৰে মহন্তই।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নীতি-আদর্শত আকৃষ্ট হৈ বিজেপিত যোগদানৰ কথা ঘোষণা মহন্ত।তাৎপৰ্যপূৰ্ণ কথা এই যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত সাধাৰণ সম্পাদক আছিল মহন্ত।

Your Comments