বানত ক্ষতিগ্ৰস্তই কিমান কিমান সাহায্য লাভ কৰিব পঢ়ি লওঁক

A

নিউজ ডেস্ক:
ৰাজ্যত বানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যাংকন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বানপীড়িত সকলে শীঘ্ৰেই পাব ক্ষতিপূৰণ।দ্বিতীয়বাৰৰ বাবে বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত ১৫জুলাইৰ পৰা বানাক্ৰান্তই লাভ কৰিব আৰ্থিক সাহায্য ।২০জুলাইৰ ভিতৰত ধ্বংস হোৱা বাসগৃহৰ ক্ষতিপূৰণ লাভ কৰিব ক্ষতিগ্ৰস্তই।
ইফালে ৫জুলাইৰ ভিতৰত ৩,৮০০ টকাকৈ পাব বানত ক্ষতিগ্ৰস্তই।বৈঠকত মুখ্যমন্ত্ৰীয়ে কয়- ১৫জুলাইৰ ভিতৰত ক্ষতিগ্ৰস্ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব।সেই অনুসৰি ২৫জুলাইৰ ভিতৰত প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য।
উল্লেখ্য যে আশ্ৰয় শিবিৰৰ পৰা ইতিমধ্যে ঘূৰি অহা লোক সকলেও পাব সহায়।ক্ষতিগ্ৰস্ত ঘৰৰ তালিকা ৩ ভাগত অৰ্থাৎ অতিকৈ ক্ষতিগ্ৰস্ত, ক্ষতিগ্ৰস্ত, সামান্য ক্ষতিগ্ৰস্ত হিচাপে ভাগ কৰা হ’ব। অধিক ক্ষতিগ্ৰস্ত হোৱাসকলে ৯৫ হাজাৰকৈ লাভ কৰিব।
আনহাতে শিক্ষাৰ্থীসকলক এককালীনভাৱে ১০০০ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব।আধাৰ কাৰ্ড থকা ঘৰৰ মুৰব্বীৰ একাউন্টত সোমাব এই ধন।ইফালে বানপানীৰ সাহায্যৰ নামত কেলেংকাৰী কৰা ঠিকাদাৰ সকল যাব লাগিব জেললৈ ৷বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ উপৰিও বানপানীত প্ৰাণ হেৰুৱা সকলে লাভ কৰিব ৪লাখ টকাকৈ।৩০ জুলাইৰ পৰা ৭ আগষ্টৰ ভিতৰত গঠন কৰা হ'ব টাস্ক ফৰ্চ।

Your Comments