
নিউজ ডেস্ক:
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাতো বানে সৰ্বস্তৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে।দৰং জিলাৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত।এই বানত বিশেষকৈ কৃষকসকল বাৰুকৈয়ে জুৰুলা হৈছে।বানত বিধস্ত কৃষকসকলক সকাহ দিবলৈ ইতিমধ্যে চৰকাৰৰ কৃষি বিভাগে বিশেষ উদ্যোগ গ্ৰহন কৰিছে।ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিবলৈ তৎপৰ হৈছে জিলাখনৰ কৃষি বিভাগ।জিলা কৃষি বিভাগৰ ১২টা কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ৯০ হেক্টৰ মাটিত ৪৫০কুইন্টল বীজ যোগানেৰে "সমূহীয়া কঠিয়াতলি" আচনিৰ জৰিয়তে পুনৰ কঠিয়াতলি প্ৰস্তুতিৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে।৩৫০ কুইন্টল বাহাদুৰ চাব-১ আৰু ১০০কুইন্টল বীনা ধান-১০ বীজ বিতৰনৰ জড়িয়তে প্ৰায় ৯০০ বিঘা মাটিত কঠিয়া ৰোপনেৰে কৃষক সকল লাভান্বিত হ'ব বুলি জানিবলৈ দিছে জিলা কৃষি বিষয়া জ্যোতিষ চন্দ্ৰ নাথে।
- Log in to post comments
- 11 views