
নিউজ ডেস্ক:
গুৱাহাটী এৰিলে মহাৰাষ্ট্ৰৰ শিৱসেনা বিসম্বাদী বিধায়কৰ গোটে।এসপ্তাহৰো অধিক সময় গুৱাহাটীৰ ৰেডিছন ব্লু'ৰ হোটেলত আৱদ্ধ হৈ থকা একনাথ শিণ্ডে গোটৰ বিদ্ৰোহী বিধায়কসকলে আজি গুৱাহাটীৰ পৰা গোৱালৈ ৰাওনা হয়।গুৱাহাটী এৰাৰ পূৰ্বে বিসম্বাদী একনাথ শিণ্ডে আৰু দুই সতীৰ্থই দৰ্শন কৰে কামাখ্যা মন্দিৰ।
ইফালে অসমৰ বানপানী বাবে শিণ্ডে ৫১লাখ টকা সাহায্য আগবঢ়াই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ।
তাৎপৰ্যপূৰ্ণ কথা এই যে,শিণ্ডে গোটক হোটেলৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ লৈ যোৱাৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপিৰ নেতা ক্ৰমে পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক দিগন্ত কলিতায়ে সংগ দিয়ে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিসম্বাদী বিধায়ক সকলক অসমত ৰখোৱা প্ৰসঙ্গত অসম চৰকাৰৰ কোনো হাত নাই বুলি কোৱা প্ৰসংগ যে মিছা আছিল সেই কথা আজি বিদায়ৰ সময়ত বিজেপি নেতা-মন্ত্ৰীৰ উপস্থিতিয়ে প্ৰমাণ কৰে।
আনহাতে অতি ৰহস্যজনক কথা এই যে ৰাজনৈতিক পাকচক্ৰৰ মাজত কিদৰে সোমাইছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া।গুৱাহাটী যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই বিসম্বাদী বিধায়কসকলক হোটেলৰ পৰা লৈ যোৱাৰ মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকা, পল্লৱ লোচন দাস আৰু মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কৰ মাজত একেখন বিলাসীৰ বাছত যাত্ৰা কৰা দেখা গৈছে।ৰাজনৈতিক নেতাৰ মাজত অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিয়ে সচেতন মহলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।বিভিন্ন মহলত প্ৰশ্ন হৈছে স্বতন্ত্ৰ অসম আৰক্ষী এতিয়া ৰাজনৈতিক নেতাৰ আঙুলি ঠাৰত উঠা-বহা কৰে নেকি!কাৰণ ৰাজনৈতিক নেতাৰে সৈতে কান্ধ মিলাই অসম আৰক্ষীৰ শীর্ষ বিষয়া গৰাকীয়ে সমাজলৈ কি বাৰ্তা দিছে সেইয়াহে বৰ্তমান লাখ টকীয়া প্ৰশ্ন।
- Log in to post comments
- 22 views