বান সাহায্যৰ নামত কেন্দ্ৰৰ পৰা মুখ্যমন্ত্ৰীয়ে ফুটা কড়ি এটাও আনিব পৰা নাই- সাংসদ অজিত কুমাৰ ভূঞা

A

নিউজ ডেস্ক:
"বানপানী সাহায্যৰ নামত কেন্দ্ৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুটা কড়ি এটাও আনিব পৰা নাই।অসমৰ বানপানীৰ বুজ লবলৈ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰো গুৰুত্ব নাই।অন্য ৰাজ্যত বান হোৱা হলে কিমান বাৰ তেওঁলোক গল হেঁতেন তাৰ ঠিক নাই"- এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ।
বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।গুৱাহাটী প্ৰেছ ক্লাবত আজি এক সংবাদমেল সম্বোধন কৰি ভূঞাই কয়- সস্তীয়া জনপ্ৰিয়তাৰ আশাত কেমেৰা বাহিনীক লগত লৈ মুখ্যমন্ত্ৰীয়ে চৰম প্ৰতাৰণা কৰিছে বানাক্ৰান্তক।চৰকাৰে সাহায্যৰ নামত, ১০দিনত ১কেজি চাউল,১কেজি দাইল, ২০০গ্রাম মিঠাতেল দিয়ে দায়িত্ব সামৰিছে।
আঞ্চলিক গণ মৰ্চাৰ উদ্যোগত আয়োজিত সংবাদমেলত সাংসদ ভূঞাই কয়- অসমৰ মুখ্যমন্ত্ৰীয়ে সাহায্যৰ কথা সম্পূৰ্ন মিছা কৈছে।মিছা কথাৰ আশ্ৰয়ে হাত খুলি, বৈঠক পাতি উপায়ুক্তক গালি পাৰি দেখাইছে।অসম চৰকাৰৰ কোষাগাৰত ধন নাই, ৰাইজৰ মূৰত ৰাম টাঙোন মাৰি কৰৰ বোজা লগাই চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ৰাজ্যৰ এই জটিল সময়ত NDRF শিতানৰ ধন মোকোলাই আনিব নোৱাৰাতো মুখ্যমন্ত্ৰীৰ চৰম ব্যৰ্থতা বুলিও ভূঞাই উল্লেখ কৰে ।

Your Comments