লখিমপুৰবাসীলৈ সাৱধানবাণী :ৰঙানদী প্ৰকল্পৰ পানীও মুকলি কৰিলে নীপকোৱে

A

 

নিউজ ডেস্ক:
ৰঙানদী প্ৰকল্পৰ পানী মুকলি কৰি দিছে নীপকোৱে ৷ প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰকল্পৰ গেট খুলি দিয়া হ'ব পাৰে বুলি মঙলবাৰে বিয়লি নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাণী প্ৰেৰণ কৰাৰ  পাছতে নীপকোৱে প্ৰকল্পৰ এখন গেট খুলি দি ৰঙানদীত পানী এৰি দিয়ে । ফলত বিপদজনক ৰূপত বাঢ়ি আহিছে ৰঙানদীৰ জলপৃষ্ঠ । এফালে সোৱণশিৰি প্ৰকল্পৰ পৰা মূল বান্ধৰ ওপৰেৰে ভয়ংকৰ ৰূপত বাগৰি অহা পানী আৰু আনফালে নীপকোৱে প্ৰকল্পৰ পৰা ৰঙানদীত এৰি দিয়া পানীয়ে এতিয়া লখিমপুৰত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাবনাই দেখা দিছে । দুয়োখন নদীয়ে জিলাখনক একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰিব নেকি বুলিও বহুতে আশংকা কৰিছে । যাৰ বাবে আতংকিত হৈ পৰিছে জিলা খনৰ ৰাইজ ।

Your Comments