
নিউজ ডেস্ক:
হোটেল ৰেডিছন ব্লু'ৰ সন্মুখত হঠাৎ মুখ্যমন্ত্ৰী।মুখ্যমন্ত্ৰী ড° শৰ্মা গাড়ীৰ পৰা নামি সাংবাদিকৰে সৈতে বাৰ্তালাপ কৰে ৷মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকল ৰেডিচন ব্লু' হোটেলত আৱদ্ধ হৈ থকা বাবে সাংবাদিকসকলে দিনে-ৰাতিয়ে সন্মুখতে কৰ্মত নিয়োজিত হৈ থাকিব লগা হৈছে।কৰ্তব্যৰত সাংবাদিকসকল কেনেকৈ আছে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি তাৰে কিছু খবৰ লয় মুখ্যমন্ত্ৰীয়ে।
ইফালে মহাৰাষ্ট্ৰৰ ৰাজনীতি তথা ৰেডিছন ব্লু’ত বাহৰ পাতি থকা বিসম্বাদী বিধায়ক সকলৰ বিষয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে সংবাদ মাধ্যমৰ আগত শৰ্মাই।উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে দেওবাৰে পুৱা শিলচৰত বান পৰিস্থিতিৰ বুজ লবলৈ গৈ ঘুৰি অহাৰ সময়ত গাড়ী ৰখাই খবৰ লয় সাংবাদিকসকলৰ।
- Log in to post comments
- 16 views