
নিউজ ডেস্ক:
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত গুৱাহাটী -উত্তৰ গুৱাহাটী নাও আৰু ফেৰীসেৱা অনিদিষ্টকাললৈ বন্ধৰ নিৰ্দেশনা দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা আৰু প্ৰবল সোঁতৰ বাবে আজিৰ পৰা বন্ধ ঘোষণা অনিদিষ্টকাললৈ।উল্লেখ্য যে সন্ধিয়া ৬ বজাৰ পৰা নাও-ফেৰী চলাচল বন্ধ ৰাখিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
ইফালে জলপৃষ্ঠ হ্ৰাস নোহোৱালৈ পুনৰ জাননী জাৰি নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জাৰি কৰা নিৰ্দেশনাত স্পষ্ট হৈ আছে।
- Log in to post comments
- 5 views