
নিউজ ডেস্ক:
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছৰ।শণিবাৰে ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অগ্নিপথৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা যুৱক যুৱতীসকলক হিংসাৰ আশ্ৰয় নলবলৈ আহ্বান জনায়। বহুকেইখন ৰাজ্যত চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।কৃষি আইনৰ দৰে অগ্নিপথ আঁচনি আনি দেশত অস্থিৰতা সৃষ্টি কৰিছে চৰকাৰে।দেশত অগ্নিপথ আঁচনিয়ে অগ্নিশিখা সৃষ্টি কৰিব বুলি মন্তব্য কৰি কয় যে ,এই আঁচনিয়ে আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্ট কৰিব।এজন শিক্ষিত যুৱকে ৪বছৰ চাকৰি কৰি উভতি আহি অগ্নিশিখা হ'ব।এই চাকৰি কৰা যুৱকে বিয়াৰ বাবে ছোৱালীয়েই নাপাব ।লগতে কয় যে উত্তৰ পূবৰ বাবে এই আঁচনি অতিকৈ ভয়ানক উত্তৰ-পূৱৰ যুৱক যুৱতীয়ে চাকৰিৰ পৰা অৱসৰ পিছত উগ্ৰপন্থী সংগঠনলৈ গুচি যোৱা আশংকা প্ৰকাশ কৰে।অগ্নিপথৰ জৰিয়তে এনেদৰে নিযুক্ত ৭৫ শতাংশ জোৱানে ৪বছৰ পিছত কৰ্ম সংস্থাপন হেৰুৱাব।ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ৰাজহুৱা মন্তব্য কৰিছে যে অগ্নিপথৰ জৰিয়তে সেনা বাহিনীত সংস্থাপন লাভ কৰি ৪বছৰ পিছত চাকৰিৰ পৰা ঘুৰি অহা সকলক অসম চৰকাৰে অসম পুলিচত সংস্থাপিত কৰিব।২০২৩ত অগ্নিপথৰ জৰিয়তে নিযুক্তি লাভ কৰি ২০২৬চনত চাকৰি হেৰুৱা অসমৰ যুৱক সকলক অসম পুলিচত সংস্থাপিত কৰিবলৈ ২০২৬চনত মুখ্যমন্ত্ৰী শৰ্মা ক'ত থাকিব কোনে জানে?তেওঁৰ ঠিকনা সলনি হ’ব পাৰে গতিকে মুখ্যমন্ত্ৰীয়ে কেবিনেটত সিদ্ধান্ত লৈ চৰকাৰী নটিফিকেচন উলিয়াই প্ৰয়োজন সাপেক্ষে বিধানসভাত আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায়।
আনহাতে ৰাজ্য বানপৰিস্থিতি সম্পৰ্কত কয় ৰাজ্যৰ শেহতীয়া বান, গড়াখহনীয়াক লৈ কংগ্ৰেছে ৰাজনীতি কৰা নাই আৰু কেতিয়াও নকৰে।এই জটিল সন্ধিক্ষণত আমি সকলো এক হৈ ৰাজ্যবাসীৰ স্বাৰ্থত কাম কৰিব লাগে।কংগ্ৰেছে বান, গড়াখহনীয়া, ভূমিস্খলনত বিধ্বস্ত ৰাইজৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপত পূর্ণ সহযোগিতা আগবঢ়াই যাবলৈ বদ্ধপৰিকৰ।
গুৱাহাটী মহানগৰীৰ বহু অঞ্চল যোৱা ৫/৬ দিন ধৰি জলমগ্ন হৈ আছে।নাগৰিকৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে।মুখ্যমন্ত্ৰীক অনুৰোধ জনায় তেওঁ কয় যে বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত গুৱাহাটী বিভিন্ন ৱাৰ্ডত তেখেতৰ মন্ত্ৰীসভাৰ যিসকল মন্ত্ৰীক দায়িত্ব ন্যস্ত কৰিছিল এতিয়া সেইসকল মন্ত্রীকে সংশ্লিষ্ট ৱাৰ্ডসমূহৰ বানপীড়িত ৰাইজৰ তদাৰকীৰ দায়িত্ব অর্পণ কৰিব লাগে।কাৰণ সেইসকল মন্ত্ৰী অঞ্চলটোৰ ভৌগোলিক অৱস্থানৰ সৈতে ভালদৰে পৰিচিত হৈ আছে।
ইপিনে উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ চৌদিশ বানৰ কবলত!ডিমা হাছাও জিলাক ইতিমধ্যে প্রাকৃতিক দুর্যোগে বিধ্বস্ত কৰি পেলালে।কংগ্ৰেছৰ শাসনকালত এনে পৰিস্থিতিত দেশৰ প্রধানমন্ত্ৰীয়ে বান পৰিস্থিতি বুজ ল'বলৈ অসম ভ্ৰমণ কৰাৰ অলেখ নজিৰ আছে। কিন্তু বৰ্তমান বি জে পিৰ প্ৰধানমন্ত্রী অথবা কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কিয় অসমৰ এই দুৰ্যোগৰ দিনত ৰাইজৰ কাষত থিয় হ'বলৈ আহিব পৰা নাই? দুৰ্ভাগ্যৰ কথা যে অসমৰ বানপানীক লৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে এটা ‘টুইট' কৰিলেই আমাৰ মুখ্যমন্ত্ৰীয়ে আনন্দত ক'ব নোৱাৰা হৈ যায় বুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে এতিয়া নিৰ্বাচন নাই কাৰনে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী নাহে আৰু গুৱাহাটী ৱাৰ্ডত মন্ত্ৰীও নাযায়।বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সদায় ওঁঠৰ আগত থকা বৰ্তমান কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্রী, গৃহমন্ত্ৰীক লগত লৈ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহক।বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম ওঁঠৰ আগত থাকিলে নহ'ব, হৃদয়ত থাকিব লাগিব বুলি মন্তব্য কৰি বানপীড়িত লোকে পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।
- Log in to post comments
- 21 views