
নিউজ ডেস্ক:
অম্বুবাচীক লৈ কামাখ্যা দেৱালয় কৰ্তৃপক্ষই শনিবাৰে সম্বোধন কৰে গুৰুত্বপূৰ্ণ সংবাদমেল।অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা।ধৰ্মীয় ৰীতি-নীতি মতে ২২জুনৰ নিশা ৮বাজি ১৮মিনিটত অম্বুবাচী প্ৰবৃত্তি।২৩, ২৪, ২৫জুনত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ।২৬ জুনত পুৱা নিত্য পূজাৰ পাছতহে ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ।
ইফালে অম্বুবাচী উপলক্ষে কামাখ্যাত চলিছে প্ৰস্তুতি। নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ কোনো ব্যৱস্থা নাথাকিব।ভক্ত সকলে মন্দিৰ দৰ্শনৰ পিছত পশ্চিম দুৱাৰেৰে গমন কৰিব লাগিব।স্থানীয় লোকৰ নিৰ্ধাৰিত বাহনৰ বাদে সকলো যানবাহন চলাচলত নিষেধাজ্ঞা।অৱশ্যে ৰেহাই দিয়া হ'ব জৰুৰীকালীন সেৱাৰ বাহনক।
ইফালে কামাখ্যালৈ যোৱা পদ পথত ভক্তৰ বাবে থাকিব খোৱাপানী, জিৰণি চ'ৰা, ছেণ্ডেল ৰখাৰ বিশেষ ব্যৱস্থা।নীলাচলত নাথাকিব ভক্তৰ বাবে থকাৰ কোনো ব্যৱস্থা।ভৰলুমুখ, বৰিপাৰা, নাহৰবাৰীত নাথাকিব ভক্ত থকাৰ বাবে কোনো কেম্প।ইয়াৰ বিপৰীতে কেৱল ফাঁচীবজাৰ, গোশালা, পাণ্ডুত থাকিব ভক্ত থকা-খোৱাৰ শিবিৰ।
আনহাতে নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।কামাখ্যা মন্দিৰৰ চৌহদৰ উপৰিও নীলাচলৰ ভিন্ন প্ৰান্তত চিচিটিভি কেমেৰা সংস্থাপন কৰা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
- Log in to post comments
- 8 views