
নিউজ ডেস্ক:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষাৰ দিন সলনি।ৰাজ্যৰ প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কমেও এসপ্তাহ পিছুৱাই দিয়াৰ কথা ঘোষণা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ৷টুইটৰ জৰিয়তে মহন্তই কয়-উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ ফলাফলৰ কাট অফ মাৰ্কৰ তালিকা শীঘ্ৰে প্ৰকাশ কৰা হ’ব।
গুৰুত্বপূৰ্ণ কথা এই যে অহা ২০জুনৰ পৰা অনুষ্ঠিত হোৱাৰ কথা উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা।AB/UB ৬২৬টা পদৰ নিযুক্তি বাবে অনুষ্ঠিত হ’ব এই শাৰীৰিক পৰীক্ষা।যোৱা ১৪জুনত ঘোষণা হৈছিল লিখিত পৰীক্ষাৰ ফলাফল।উল্লেখ্য যে এটা পদৰ বাবে ৫জনকৈ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক শাৰীৰিক পৰীক্ষালৈ আমন্ত্ৰণ জনাইছে।চলিত বৰ্ষৰ ২৪এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।
- Log in to post comments
- 8 views