
নিউজ ডেস্ক:
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস।২০জুনৰ ৰাভা দিৱসৰ কাৰ্যসূচীতে অসম চৰকাৰে প্ৰদান কৰিব বহুকেইটা বঁটা।মন্ত্ৰী বিমল বৰাই আজি সংবাদ মেলযোগে প্ৰকাশ কৰে এই কথা।
উল্লেখ্য যে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰাৰ কথা আছিল কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস।কিন্তু ৰবীন্দ্ৰ ভৱনত পানী সোমোৱাৰ বাবে স্থানান্তৰ কৰিব লগা হয় কাৰ্যসূচী।
ইফালে এইবাৰ বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সঞ্চালকালয়ে প্ৰদান কৰিব তিনিটা ৰাষ্ট্ৰীয় আৰু ন'টা ৰাজ্যিক বঁটা।নৃত্য-পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰ- শিল্পী চন্দ্ৰকমল গগৈলৈ আগবঢ়াব 'বিষ্ণু ৰাভা বঁটা'।
নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ডঃ অনুংলা আয়াৰলৈ 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰা হ’ব।গৱেষক-পণ্ডিত ডঃ নৰেন কলিতালৈ 'কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা'।লোকতত্ত্ববিদ ডঃ অমলেন্দু ভট্টাচাৰ্যলৈ 'আজান পীৰ ৰাষ্ট্ৰীয় বঁটা' আগবঢ়াব চৰকাৰে।
ইফালে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ 'পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা', লেখিকা ইলা বৰগোহাঁইলৈ 'অমলপ্ৰভা দাস বঁটা',লীলাৱতী কুশ্ৰেলৈ 'চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা', ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ 'মামণি ৰয়ছম গোস্বামী বঁটা', সাহিত্যিক ছবিলাল উপাধ্যায়লৈ 'চৈয়দ আব্দুল মালিক বঁটা', অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ 'আহমদ আলী বাঁশকান্দি বঁটা', কবি বংশী বৰালৈ 'গণেশ গগৈ বঁটা', সমাজ সেৱক হেমন্ত গোহাঁইলৈ 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা', নৃত্য-শিল্পী ননী বৰুৱালৈ 'শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা' আগবঢ়াব।ৰাভা দিৱসৰ কাৰ্যসূচীত বঁটাসমূহ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ৰাভা দিৱসৰ অনুষ্ঠানত তিনিটা শাখাত অনুষ্ঠিত হ’ব ৰাভা সংগীত প্ৰতিযোগিতা।
- Log in to post comments
- 11 views