মেট্ৰিকক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰীৰ; ঠিকাদাৰ, LIC এজেন্ট, ৰাজনীতি কৰা শিক্ষকক লৈ এইদৰে কলে ৰনোজ পেগুৱে

A

নিউজ ডেস্ক:

হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ।২০২৩-২৪ চনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ ফলাফল সম্পূৰ্ণ গোপনীয় হ’ব।ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট নিজৰ বাদে আন কোনোৱে গম নাপাব।ৰাজ্যত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলৰ বাবে আত্মহত্যাৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত এই সিদ্ধান্ত লৈছে শিক্ষামন্ত্ৰী ডাঃ পেগুয়ে।
শুকুৰবাৰে শিক্ষা সংসদত ১২টাকৈ ই-চাৰ্ভিছ প'ৰ্টেল মুকলি কৰে শিক্ষামন্ত্ৰী  ৰণোজ পেগুৱে।এই পৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে পূৰণ কৰিব পাৰিব সকলো প্ৰ-পত্ৰ।পঞ্জীয়ন প্ৰমানপত্ৰ শুদ্ধ কৰা, মাইগ্ৰেশ্যন ছাৰ্টিফিকেট লাভ, এডমিট কাৰ্ড শুদ্ধ কৰা আদি সেৱা এই পৰ্টেলৰ জৰিয়তে লাভ কৰিব ।শিক্ষা বিভাগৰ কামত দুৰ্নীতি হ্রাস কৰাৰ বাবে এনেসমূহ পদক্ষেপ গ্ৰহণ কৰিছে বিভাগে।এই পৰ্টেলৰ জৰিয়তে সংসদৰ সকলো মাচুল ই-পেমেণ্টত কৰিব পাৰিব।
আনহাতে একাংশ শিক্ষকে শিক্ষকতা কৰি থকাৰ লগতে LIC এজেন্ট, সাংবাদিকতা, ঠিকা, ৰাজনীতি আদিৰ দৰে বৃত্তিত জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।তেনে শিক্ষকক উদেশ্য কৰি পেগুৱে কয়- শিক্ষকতা বৃত্তিৰ উপৰিও অন্য কামত জড়িত শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।ইয়াৰ তথ্য সংগ্ৰহ কৰিছে শিক্ষা বিভাগে।

Your Comments