
নিউজ ডেস্ক:
ৰাজ্যত অহা ২০জুনলৈ হ’ব বৰষুণ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি প্রকাশ কৰা তথ্য মতে অহা ১৮ জুনলৈ অধিক সতৰ্কতা অৱলম্বনৰ নির্দেশনা প্ৰদান কৰিছে।উল্লেখ্য যে উক্ত সময়ছোৱাত অধিক বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
ইফালে ১৯-২০জুনতো বৰষুণৰ প্ৰৱল সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰটোৱে।তাৎপৰ্যপূৰ্ণ কথা এই যে বিগত তিনিদিন হৈ থকা বৰষুণত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি।কৃত্ৰিম বানত দিশহাৰা হৈ পৰিছে গুৱাহাটীৰ জনতা।তাৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীয়ে অধিক চিন্তিত কৰি তুলিছে সকলোকে।
- Log in to post comments
- 38 views