
নিউজ ডেস্ক:
কোভিড পৰিস্থিতিৰ পিছত এইবাৰ নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা।২২জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা।অম্বুবাচী মেলাক লৈ ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে কামাখ্যা দেৱালয়ত।অম্বুবাচী মেলালৈ আহিবলগা ভক্তৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।
উল্লেখ্য যে এইবাৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট ২.৫ কোটি টকা।২২জুনৰ নিশা হ’ব অম্বুবাচীৰ প্রবৃত্তি আৰম্ভ হৈ ২৬জুনৰ পুৱা হ’ব নিবৃত্তি।ইফালে কোভিড পৰিস্থিতিৰ পিছত অনুষ্ঠিত হ’ব লগা এইবাৰৰ অম্বুবাচী মেলাত পূৰ্বৰ দৰে নাথাকিব জাক-জমকতা।উদ্বোধনী অনুষ্ঠান, ভি আই পি, ভি ভি আই পি আদি প্ৰৱেশ পত্ৰ নাথাকিব।
তাৎপৰ্যপূৰ্ণ কথা এই যে, অম্বুবাচী মেলা উপলক্ষে ফাঁচীবজাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী আবাস।ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰত ভক্তৰ বাবে নিৰ্মাণ হৈছে আবাস।ভক্তৰ বাবে থকা আৰু পাৰ্কিঙৰ সকলো দিশৰ ব্যৱস্থা কৰা হৈছে।ইফালে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰৰ ওপৰত এইবাৰ নহ’ব কোনো কেম্প।৩০ হাজাৰ লোকৰ থকাৰ টাৰ্গেট কৰি ব্যৱস্থা কৰিছে প্ৰশাসনে।সোণাৰাম ফিল্ডত থকা আৰু পাৰ্কিং দুয়োটা ব্যৱস্থা কৰাৰো চিন্তা চৰ্চা কৰা বুলি জানিব দিয়ে প্ৰশাসনে।
ইফালে ভক্তৰ সুবিধা হোৱাকৈ গুৱাহাটীৰ আই এছ বি টি, গুৱাহাটী ৰে’লৱে ষ্টেচন, কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা বাছৰ ব্যৱস্থা কৰিছে।প্ৰথম পৰ্যায়ত প্ৰশাসনে ৮০খনকৈ বাছৰ ব্যৱস্থা কৰিব।ভক্তৰ আগমন বৃদ্ধি পালে বাছ বৃদ্ধি বৃদ্ধি কৰা হ’ব বুলি জানিব দিয়ে।
- Log in to post comments
- 9 views