
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে অপৰিৱৰ্তিত হৈয়ে ৰল বতৰ।পুৱাৰে পৰা নেৰা-নেপেৰা বৰষুণৰ ফলত নতুন নতুন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।আজি গোটেই দিনটো গুৱাহাটী মহানগৰীত বৰষুণৰ ফলত অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, হাটীগাওঁ, জু ৰোড আদিত বৃদ্ধি পাইছে কৃত্ৰিম বান।বিগত তিনিদিনে অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও সম্পূৰ্ণ পানীৰ তলত।উক্ত অঞ্চলসমূহত প্ৰায় এবুকু পৰ্যন্ত পানী হৈছে।বাসগৃহৰ ভিতৰত পানী সোমোৱাত প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে।ইফালে প্ৰশাসনে স্কুল কলেজকে আদি কৰি সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিছে।
আনহাতে কৃত্ৰিম বানপানী সমান্তৰালকৈ মহানগৰীত ভূমিস্খলনেও লৈছে ভয়াৱহ ৰূপ।খাৰঘুলি, নুনমাটি, নৱগ্রহ, কামাখ্যা, কাহিলীপাৰা আদিৰ বিভিন্ন স্থানত ভূমিস্খলনৰ হোৱাৰো খবৰ আহি পৰিছে।প্ৰশাসনে প্ৰয়োজন নহলে মহানগৰবাসীক বাহিৰলৈ ওলাই নাযাবলৈ সতৰ্ক কৰি দিছে।
- Log in to post comments
- 10 views