
নিউজ ডেস্ক:
কামৰূপ মহানগৰ জিলাত আজি দ্বিতীয় দিনাৰ বাবেও বন্ধ থাকিল শিক্ষানুষ্ঠান।জিলাখনত নেৰা-নেপেৰা কৈ হৈ থকা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ভয়াৱহ ভূমিস্খলনৰ বাবে জিলা উপায়ুক্তই চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ জাৰি কৰিছিল।সেই মৰ্মে আজি জিলাখনত বন্ধ হৈ থাকে শিক্ষানুষ্ঠানসমূহ।গুৰুত্বপূৰ্ণ কথা এই যে কামৰূপ মহানগৰ জিলাত বিগত তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ জটিল হৈ পৰিছে পৰিস্থিতি।এফালে কৃত্ৰিম বানে ভয়াৱহ ৰূপ লোৱাৰ সমান্তৰাল ভাৱে আনফালে ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ।
- Log in to post comments
- 8 views