নলবাৰী-ঘগ্ৰাপাৰৰ বিশিষ্ট ব‍্যৱসায়ী কালিচৰণ কলিতাৰ মৃত্যু

A

নিউজ ডেস্ক:

 নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁও নিৱসী তথা বিশিষ্ট ব‍্যৱসায়ী  কালিচৰণ  কলিতাই (৭৮)যোৱা নিশা ১১ মান বজাত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে ।বিগত কিছুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা কালিচৰণ কলিতা শয্যাগত হৈ আছিল।কলিতাৰ মৃত্যুৰ বাতৰি আজি বিয়পি পৰাত অঞ্চলটোৰ বিভিন্ন  দল-সংগঠন,ব‍্যৱসায়ী তথা গুণমুগ্ধই  তেওঁৰ গৃহত উপস্থিত হৈ শেষ বিদায় জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।আশীৰ দশকৰ পৰা ঘগ্ৰাপাৰ হাইৱে চ'কৰ ওচৰত  গেলামালৰ দোকানৰ ব‍্যৱসায় আৰম্ভ কৰি ঘগ্ৰাপাৰ অঞ্চলত প্ৰতিষ্ঠিত ব‍্যৱসায়ী হিচাপে প্ৰয়াত কলিতা পৰিচিত আছিল।প্ৰায় ৫০ বছৰে ব‍্যৱসায়ী ৰূপে পৰিচিত প্ৰয়াত কলিতাই উত্তৰ ঘগ্ৰাপাৰ ব‍্যৱসায়ী সন্থাৰ প্ৰতিষ্ঠা কালৰে পৰা একেৰাহে  পাঁচ বছৰমান কাল সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।শংকৰদেৱ সংঘৰ একনিষ্ঠা সেৱক প্ৰয়াত কলিতাই অঞ্চলটোত একশৰণ নামধৰ্মৰ প্ৰচাৰৰ কামত ব্ৰতী হৈ আছিল।ব‍্যৱসায়ীগৰাকীৰ তেওঁৰ মৃত্যুত সাংসদ দিলীপ শইকীয়া, নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা,পূৱ নলবাৰী আঞ্চলিক শংকৰদেৱৰ সংঘ,সাংবাদিক তপন দাস, শ্বাহ আলাম আহমেদ,বিৰেন কলিতা, দ্বিজেন ডেকা, ত্ৰিদীপ কলিতা,প্ৰাক্তন আছুনেতা শৰৎ কলিতা,শংকৰদেৱৰ সংঘৰ সদস্য গংগাধৰ তালুকদাৰ,হেমন্ত বৈশ‍্য, ঘগ্ৰাপাৰ বজাৰ উন্নয়ন সমিতি, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক শ‍্যামন্ত শৰ্মা, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, কাউন্সিলাৰ মনেশ্বৰ ভৰালী,নলবাৰী জিলা বিজেপি, নলবাৰী জিলা  সাংবাদিক সন্থা,পূৱ নলবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতি,ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতি,ভাৰতীয় জনতা যূৱ মৰ্চা, বড়িগোগ বনভাগ মণ্ডল বিজেপি যুৱ মৰ্চাৰ সভাপতি হৰেশ্বৰ দাস,নলবাৰী জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন, উপ সভাপতি গৌতম কাকতি, দক্ষিণ ঘগ্ৰাপাৰ ব‍্যৱসায়ী সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে । ইফালে কলিতা মৃত ঘ শংকৰদেৱৰ সংঘৰ বাঘমাৰা শংকৰ-মাধৱ প্ৰাথমিক নামঘৰ প্ৰাংগণলৈ পৰিভ্ৰমণ কৰি আনি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।তেওঁ মৃত্যুৰ সময়ত পত্নীসহ প্ৰাক্তন সাংবাদিক, নলবাৰী বিজেপিৰ কাৰ্যনিৰ্বাহক  সদস্য তথা বৰপুত্ৰ কুলদ্বীপ কলিতাৰ লগতে আন এগৰাকী পুত্ৰ আৰু দুগৰাকী বিবাহিত জীয়ৰীৰ উপৰিও অসংখ্য গুণমুগ্ধক  ইহ সংসাৰত এৰি থৈ যায়।ইফালে মৃতকৰ প্ৰতি সন্মান জনাই উত্তৰ ঘগ্ৰাপাৰ ব‍্যৱসায়ী সন্থাই কাইলৈ পূৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়াকৈ ঘগ্ৰাপাৰৰ ব‍্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ আহ্বান জনাইছে।

Your Comments