দ্বিতীয় দিনাও অপৰিৱৰ্তিত গুৱাহাটীৰ কৃত্ৰিম বান: অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও কৃত্ৰিম বানৰ কবলত

A

নিউজ ডেস্ক:

দ্বিতীয় দিনাও অ-পৰিৱৰ্তিত গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ পৰিস্থিতি।ক্ৰমাৎ জটিল হৈ পৰিছে ৰুক্মিণীগাঁও, অনিল নগৰ, নবীননগৰ, হাটীগাঁও আদিৰ কৃত্ৰিম বান পৰিস্থিতি ।বুধবাৰৰ দিনটো বানপানীৰ কবলত থাকিল গুৱাহাটীৰ বহুকেইটা অঞ্চল।ৰাস্তা, ঘৰ, কৃত্ৰিম বানপানীৰ কবলত ডুব যোৱাত হাহাকাৰ মহানগৰবাসী।অনিল নগৰ আৰু নবীন নগৰৰ বহুসংখ্যক ব্যক্তি বৰ্তমানো নিজ ঘৰ এৰি আশ্ৰয় গ্ৰহণ কৰিছে প্ৰশাসনৰ আশ্ৰয় শিবিৰত।ঠিক একে পৰিস্থিতি ৰুক্মিণীগাঁৱতো।
ইফালে বৰ্তমানো অঞ্চলকেইটাৰ পথত একঁকাল পানী।সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়ত।গুৱাহাটী পৌৰ নিগম আৰু জিলা প্ৰশাসনে অঞ্চলকেইটাত জনতাক সামান্য খাদ্য সামগ্ৰী যোগান ধৰিছে।

Your Comments