
নিউজ ডেস্ক:
বুধবাৰে কামৰূপ(ম) জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ।বতৰ বিজ্ঞান কেন্দ্ৰই জিলা খনত নেৰানেপেৰা বৰষুণৰ আগজাননী জাৰি কৰা পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান(চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ আগবঢ়াইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।
জিলা উপায়ুক্তৰ ফালৰ পৰা উল্লেখ কৰা মতে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব।
গুৰুত্বপূৰ্ণ কথা যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৩দিন জিলাখনত অধিক সতৰ্কতা জাৰি কৰিছে।আজি মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান আৰু ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ।
- Log in to post comments
- 8 views