
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।চাৰি গৰাকী ব্যক্তি জীৱন্তে পোত গল ভূমিস্খলনত।বৰাগাঁৱৰ নিজৰা পাৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।সোমবাৰে নিশা হোৱা প্ৰৱল বৰষুণত নিশা প্ৰায় ১.৩০-২বজাৰ ভিতৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো।নয়নমণি ৰাজবংশী নামৰ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত ভয়ংকৰ ঘটনাটোত নিহত সকল গৃহ নিৰ্মাণৰ সৈতে জড়িত আছিল।পাহাৰৰ মাটি খহি আহি ঘৰৰ ওপৰত পৰাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো।উল্লেখ্য যে নিশা শ্ৰমিক কেইজন শুই থকা অৱস্থাতে খহি অহা মাটিয়ে পুতি পেলায় ঘৰটো।
ইফালে মঙলবাৰে পুৱা মাটিত পোত গৈ থকা শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে SDRF আৰু উদ্ধাৰ কাৰী দলে।মৃত শ্ৰমিক কেইজন ক্ৰমে মনোৱাৰ হুছেইন, মাফিজুল হক, আমিনুল হক, হাছমত আলী।দুৰ্ভগীয়া শ্ৰমিক কেইজনৰ ঘৰ ধুবুৰী, কোকৰাঝাৰত বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 9 views