মহানগৰীত ভয়ংকৰ পৰিস্থিতি ,অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ যোৱাত নিষেধাজ্ঞা, কামৰূপ(ম) জিলা প্ৰশাসনে মুকলি কৰিছে হেল্প লাইন নম্বৰ

A

নিউজ ডেস্ক:
ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা।ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।ভূমিস্খলন প্ৰৱণ, জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ বাবে মহানগৰবাসীক আহ্বান প্ৰশাসনৰ। 
ইফাল যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬/ ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪/ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগৰ আহ্বান জনাইছে।

Your Comments