
নিউজ ডেস্ক:
গুৱাহাটীৰ নৱগ্রহ পাহাৰৰ গোলোক ঘামপথত ভয়ংকৰ ভূমিস্খলন।মানবেন্দ্ৰ মহন্তৰ ঘৰৰ সমীপত ধাৰাসাৰ বৰষুণৰ ফলত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই ভূমিস্খলন।বর্তমান বিপদ সংকুলভাৱে ওলমি ৰৈছে মানবেন্দ্ৰ মহন্তৰ ঘৰ।যিকোনো সময়তে খহিব পাৰে ঘৰটো।প্ৰশাসনক পুৱাৰ ভাগতে খবৰ দিয়া হৈছে যদিও বাতৰি লিখা পৰলৈকে কোনো উপস্থিত হোৱা নাই।উল্লেখ্য যে,নৱগ্রহ মন্দিৰৰ পৰা নাতি দূৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন।
তাৎপৰ্যপূৰ্ণ কথা এই যে ভূমিস্খলন সংঘটিত হোৱাৰ স্থানত আছে বহুকেইটা ঘৰ।ইতিমধ্যে পথছোৱাৰে যাতায়ত বন্ধ হৈ পৰিছে।
- Log in to post comments
- 7 views