অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা।SLPRBয়ে আজি পুৱা ঘোষণা কৰে ফলাফল।এ.বি আৰু ইউ বি দুটা শাখাৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।ঘোষিত ফলাফল মতে এ.বিত ১৬৪৫ গৰাকী প্ৰাৰ্থী পৰৱৰ্তী শাৰীৰিক পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছে।একেদৰে ইউ বি শাখাত ১৫৯৫ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।উল্লেখ্য যে দুয়োটা শাখাত প্ৰায় ৬০০ৰো অধিক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ২৪এপ্ৰিলত।
ইফালে লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব লগা শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ  হ’ব লাগিব।

Your Comments