গুৱাহাটীত চি বি আইৰ তালাচী; ৫জনক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কেলংকাৰী সন্দৰ্ভত দেশৰ ভিন্ন স্থানত সোমবাৰে একে সময়তে চলিল চি বি আইৰ অভিযান।গুৱাহাটী, বেংগালুৰু, গুৰুগ্ৰাম, শ্বিলং, পাটনাকে ধৰি প্ৰায় ১৫টা স্থানত চলিল চি বি আইৰ অভিযান।অভিযানত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিভিন্ন কেলংকাৰীত জড়িত কেইবাজনো বিষয়া তথা কৰ্মচাৰীক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে।কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (CBI)  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এজন গাননিক বিষয়া আৰু কনিষ্ঠ গাননিক বিষয়া,  আৰু গুৰুগ্ৰামত অৱস্থিত জি আৰ ইনফ্রা নামৰ কোম্পানীৰ কাৰ্যবাহী সঞ্চালকসহ তিনিজন কৰ্মচাৰীক ৪ লাখ টকা উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।তদুপৰি তালাচীৰ সময়ত প্ৰায় ২.৩৩কোটি টকা জব্দ কৰে।মেঘালয়, মিজোৰাম আৰু অৰুণাচলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মিত ঘাইপথ নিৰ্মাণ প্ৰকল্পসমূহত সংঘটিত দুৰ্নীতি, অনিয়ম তথা জালিয়াতিৰ সন্দৰ্ভত একে সময়তে চলিছিল এই বৃহৎ অভিযান।আনহাতে গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষৰ কাৰ্যালয় আৰু জি আৰ ইনফ্রা নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ কাৰ্যালয়তো  চলোৱা হয় অভিযান।এই অভিযান কালত ঘাইপথ কৰ্তৃপক্ষৰ ২ গৰাকী বিষয়াৰ লগতে জি আৰ ইনফ্রা নামৰ প্ৰতিষ্ঠানটোৰ ৩ গৰাকী বিষয়াক চি বি আই দিল্লীৰ পৰা অহা বিশেষ দলে গুৱাহাটী কাৰ্যালয়ৰ সহযোগত গ্ৰেপ্তাৰ কৰাৰ উপৰিও বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে।আটক কৰা সকল হৈছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ কণিষ্ঠ গাণনিক বিষয়া দীপক দাস, মনোজ কুমাৰ।দুয়োজনৰ উপৰিও জি আৰ ইনফ্ৰা প্ৰতিষ্ঠানটোৰ প্রকল্প বিষয়া সুনিল আগৰৱালা, পংকজ চাৰন, দিলীপ ৰাজপুতকো গ্ৰেপ্তাৰ কৰে।

Your Comments