নিশা গুৱাহাটীত প্ৰৱল বৃষ্টিপাত, বৰ্তমানো কৃত্ৰিম বানৰ কবলত মহানগৰী

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত সোমবাৰে নিশা হোৱা বৰষুণত প্ৰায় অধিকাংশ অঞ্চল জলমগ্ন।পুৱাৰ ভাগলৈ শুকোৱা নাই বহুকেইটা অঞ্চলত পানী।চান্দমাৰি, জু-ৰোড, বি বৰুৱা ৰোড, আমবাৰী, অনিল নগৰ, হাটীগাঁৱৰ ৰাজপথ বৰ্তমানো কৃত্ৰিম বানপানীৰ কবলত।দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাৰ পৰা অহা বৰষুণৰ বাবে বহু ব্যক্তি নিশা ঘৰলৈ অহাত সমস্যাত পৰে।
ইফালে ধাৰাসাৰ বৰষুণত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত বিভিন্ন অঞ্চলত ঘৰৰ ভিতৰতো পানী সোমোৱা খবৰ আহিছে।তাৎপৰ্যপুৰ্ণ কথা এই  যে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰ তথা জি এম চিয়ে বিভিন্ন সময়ত চমক সৃষ্টিকাৰী যন্ত্ৰ-সামগ্ৰী ক্ৰয় কৰি আহিছে যদিও আজি পৰ্যন্ত বান নিয়ন্ত্ৰণত সফল হ’ব পৰা নাই চৰকাৰ তথা প্ৰশাসন।

Your Comments