হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণক সম্বৰ্ধনা নাৰেংগীৰ যুৱ নগৰ উন্নয়ন সমিতিৰ

A

নিউজ ডেস্ক:

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পৰীক্ষাৰ্থীক সম্বৰ্ধনা বৃহত্তৰ নাৰেংগী ফৰেষ্টগেট এলেকাৰ যুৱনগৰ উন্নয়ন সমিতিৰ।উন্নয়ন সমিতিৰ সভাপতি ৰঞ্জিত চেতিয়াৰ নেতৃত্বত যুৱনগৰ অঞ্চললৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা পাঁচ গৰাকী শিক্ষাৰ্থীৰ নিজ-নিজ বাসগৃহত গৈ মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।লগতে প্ৰত্যেকগৰাকী উত্তীৰ্ণ পৰীক্ষাৰ্থীক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ পিতৃ-মাতৃক আহ্বান জনায়।উল্লেখ্য যে দলটোত যুৱনগৰ উন্নয়ন সমিতিৰ উপৰিও নামঘৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়া, জাগৰণ মহিলা সমিতিৰ বিষয়-ববীয়া আৰু প্ৰাগজ্যোতিষ যুৱ সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Your Comments