কংগ্ৰেছ নেতা মনজিৎ মহন্তই ১৫দিনৰ ভিতৰত উত্তৰ দিব লাগিব বিধানসভাৰ বিশেষ অধিকাৰ সমিতিক

A

B

নিউজ ডেস্ক:

অসম বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ প্ৰথমখন বৈঠক।বৈঠকৰ সিদ্ধান্ত মৰ্মে কংগ্ৰেছ মুখপাত্ৰ মনজিৎ মহন্তক ১৫দিনৰ ভিতৰত তথ্য-সম্বলিত উত্তৰ দাখিলৰ নিৰ্দেশ।উল্লেখ্য যে,শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছত এআইইউদিএফৰ ৫জন বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ যোৱা বুলি কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে দলীয় বিবৃত্তি যোগে জাৰি কৰিছিল।কংগ্ৰেছ দলৰ উক্ত দাবী তদন্তৰ বাবে বিধানসভা বিশেষ অধিকাৰ সমিতি বৈঠকক দাবী জনাইছিল AIUDF দলে।উক্ত দাবীৰ ভিত্তিতে অসম বিধানসভাৰ অধ্যক্ষই বিশেষ অধিকাৰ সমিতিৰ বৈঠকৰ ঘোষণা কৰিছিল।বিধানসভা উপাধ্যক্ষ ডাঃ নোমল মমিনৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক।শাসক- বিৰোধী উভয় পক্ষৰে সদস্যৰ উপস্থিতিত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে ১৫দিনৰ ভিতৰত মহন্তক উত্তৰ প্ৰদান কৰাৰ নির্দেশ দিছে৷
তাৎপৰ্যপূৰ্ণ কথা এই যে,মহন্তৰ উত্তৰৰ পিছতেই পৰৱৰ্তী সময়ত তেওঁ দাবী কৰা অভিযোগ কিমান সত্য সেইয়া সমিতিয়ে  নিৰ্ধাৰণ কৰিব।যদি তেওঁৰ অভিযোগ অসত্য হয় তেন্তে শাস্তিৰ সন্মুখীন হ’ব মহন্ত।

Your Comments